Show/Hide Keyboard Layout

শুভ্ৰ বলকাৰ ডেউকাত

- জুবিন গাৰ্গ

শুভ্ৰ বলকাৰ ডেউকাত সপোন ৰহণ সনা

দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধু সনা

শুভ্ৰ বলকাৰ ডেউকাত সপোন ৰহণ সনা

দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধু সনা

 

সমীৰে বজাই বাঁহী মৃদু মধুৰ ৰাগিনী

জাগে বন বীথি দুৰু দুৰু হিয়াৰ কঁপনি

সমীৰে বজাই বাঁহী মৃদু মধুৰ ৰাগিনী

জাগে বন বীথি দুৰু দুৰু হিয়াৰ কঁপনি

সাগৰ নীলা দুচকুত সপোনৰে ৰহণ সনা

 

শুভ্ৰ বলকাৰ ডেউকাত সপোন ৰহণ সনা

দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধু সনা

 

আজিয়েই মধু ক্ষন মন জানো কিহতে মগন

উতলা অধীৰ যৌৱন জাগে পুলক শিহৰণ

আজিয়েই মধু ক্ষন মন জানো কিহতে মগন

উতলা অধীৰ যৌৱন জাগে পুলক শিহৰণ

মন যমুনাৰ পাৰতে বাজে বাঁহী মধু সনা

 

শুভ্ৰ বলকাৰ ডেউকাত সপোন ৰহণ সনা

দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধু সনা

 

ওহো ... হো .. হো .. হো .. হো

Hits: 1770